আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে মুম্বাই ইণ্ডিয়ানছক ১২ ৰাণত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ২০৪ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯১ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ সূৰ্য কুমাৰ যাদৱে সৰ্বাধিক ৬৭ ৰাণ কৰে। লক্ষ্ণৌৰ হৈ দ্বিগৱেশ সিং ৰাঠি, শার্দুল ঠাকুৰ, আকাশ দীপ আৰু আৱেশ খানে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌয়ে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ২০৩ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ মিশ্বেল মার্চে সৰ্বাধিক ৬০ ৰাণ কৰাৰ লগতে এইডেন মাৰক্ৰমে ৫৩ ৰাণ কৰে। মুম্বাইৰ হৈ হার্দিক পাণ্ডিয়াই ৫টা উইকেট দখল কৰে। দ্বিগৱেশ সিং ৰাঠিক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই আঁঠুৰ আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰত আছে। প্রতিযোগিতাত আজি চেন্নাইত হ’বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ডেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন দিনৰ চাৰে ৩ বজাত আৰম্ভ হ’ব। আজি চণ্ডীগড়ত হ’বলগীয়া আন এখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাৱ কিংছৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
Site Admin | April 5, 2025 11:42 AM | IPL Cricket
আই পি এল ক্রিকেটৰ কালিৰ খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত মুম্বাই ইণ্ডিয়ানছ পৰাস্ত
