May 23, 2024 1:30 PM | IPL Cricket

printer

আই পি এল ক্রিকেটৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়

ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে ১৯ অভাৰত ছটা উইকেট হেৰুৱাই ১৭৪ ৰাণ কৰে।

ৰাজস্থান ৰয়েলছে এতিয়া কাইলৈ হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক