May 13, 2024 11:11 AM | IPL Cricket

printer

আই পি এল ক্রিকেটত ডেলহী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত দেলহী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে। খেলখনত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৮৭ ৰান কৰে। প্ৰত্যুত্তৰত দেলহী কেপিটেলছে ১৯ অভাৰ আৰু ১টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪০ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে চেন্নাই ছুপাৰ কিংছে এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি এইবাৰৰ প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ত প্ৰবেশ কৰাৰ আশা সজীৱ কৰি তোলে। চেন্নাই ছুপাৰ কিংছে ১৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ২টা বলত ১৪৫ ৰান কৰে। চেন্নাইৰ হৈ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ৪৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰাজস্থানৰ ৰবীচন্দ্রন অশ্বিনে দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৪১ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৪৭ ৰান কৰি আউট নোহোৱাকৈ থাকে । প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক