May 15, 2024 6:05 PM | IPL Cricket

printer

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ মুখামুখি হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। বৰ্তমানলৈকে ১৬ পইণ্ট অর্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে গুৱাহাটীত অহা ১৯ মে’ত প্ৰতিযোগিতাৰ আন এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আজি আৰু অহা ১৯ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ’বলগীয়া খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহযাহ সুচল হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নির্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে আজি আৰু ১৯ মে’ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰীৰ অংশত গধূৰ যান-বাহন আৰু বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই দুয়োটা দিনত গুৱাহাটীৰ আর্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ ৩ বজাৰ পৰা ৱানৱে কৰাৰ ব্যৱস্থা কৰা হৈছে। লালগণেশ তিনিআলি অঞ্চলৰ পৰা খেলৰ কাৰ পাছ থকা বাহনকহে বর্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। আনহাতে বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈও পথছোৱা ৱানৰে হোৱাৰ লগতে খেলৰ কাৰ পাছ থকা বাহনেহে চালাচলৰ অনুমতি দিয়া হৈছে। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহয়।

অধিক পঢ়ক

সকলো চাওক