April 16, 2024 6:41 PM | IPL Cricket

printer

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ আজি কলকাতাৰ ইডেন গার্ডেনছত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ইপিনে, চানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰানত পৰাস্ত কৰে। বেংগালুৰু দলটোৱে ২৮৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ২৮৭ ৰান কৰে। এই জয়ৰ পাছত হায়দাবাদ সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকাৰ বিপৰীতে বেংগালুৰু দশম স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক