May 10, 2024 6:30 PM | IPL Cricket

printer

আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ খেল

গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ২৪১ ৰান কৰে। বেংগালুৰুৰ হৈ বিৰাট কোহলিয়ে মাত্র ৪৭টা বলত ৯২ ৰান কৰে। কালিৰ ফলাফলৰ অন্তত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ সপ্তম স্থানত আৰু পাঞ্জাৱ নৱম স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক