আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইপিনে হায়দৰাবাদত হ’বলগীয়া আন এখন খেলত পঞ্জাব কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ’ব। খেলখন বিয়লি ৩.৩০ বজাত আৰম্ভ হ’ব । একেদৰে বেংগালুৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ২৭ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৫টা উইকেট হেৰুৱাই ২১৮ ৰান সংগ্ৰহ কৰে। অৱশ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ চেন্নাই ছুপাৰ কিংছক ২০১ ৰানতে সীমাবদ্ধ ৰখাৰ প্ৰয়োজন আছিল। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ফাফ ডু প্লেছিছে ৩৯টা বলত ৫৪ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ২৯টা বলৰ বিনিময়ত ৪৭ ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৰাচিন ৰবীন্দ্ৰৰ ৬১ ৰানৰ সহায়ত ৭ উইকেটৰ বিনিময়ত ১৯১ ৰান সংগ্ৰহ কৰে আৰু শীৰ্ষ ৪টা দলৰ পৰা বাহিৰ হয়। এই জয়ৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছ, ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে প্লে অফ পৰ্যায়ত প্রবেশ কৰে। এই প্লে অফ পৰ্যায়ৰ খেলসমূহ ২১ মে’ত আৰম্ভ হ’ব।
Site Admin | May 19, 2024 1:17 PM | IPL Cricket
আই পি এল ক্রিকেটত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি
