May 11, 2024 5:21 PM | IPL Cricket

printer

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ- চেন্নাই ছুপাৰ কিংছৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত বিয়লি চাৰে ৩ বজাত হ’বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত হ’বলগীয়া দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব। ইপিনে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছক ৪ উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ অপেনাৰ বিৰাট কোহলিয়ে ২৭টা বলত ৪২ ৰান আৰু ফাফ ডু প্লেছিছে ৬৪ ৰানৰ বৰঙণি আগবঢ়াই দলক সুন্দৰ আৰম্ভণি প্ৰদান কৰে । অপেনাৰদ্বয় আউট হোৱাৰ পাছতে দলে কম সময়তে কেইবাটাও উইকেট হেৰুৱাই যদিও দীনেশ কার্তিকে ১২টা বলত ২১ ৰান কৰি দলক জয়ৰ লক্ষ্য অতিক্ৰম কৰাত সহায় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৩ অভাৰ আৰু ৪টা বলত ৬টা উইকেটৰ বিনিময়ত ১৫২ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৯ অভাৰ আৰু ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৭ ৰান কৰে। ডেভিদ মিলাৰে ২০টা বলত ৩০ ৰান আৰু শ্বাহৰুখ খানে ২৪টা বলত ৩৭ ৰান কৰি গুজৰাট দলক বিপর্যয়ৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা চলাই যদিও ডেভিদ মিলাৰ কৰ্ণ শৰ্মাৰ বলত আউট হয়।

অধিক পঢ়ক

সকলো চাওক