ডাউনলোড
মোবাইল এপ

android apple
signal

April 28, 2024 1:24 PM | IPL Cricket

printer

আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছ­ -ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ- চেন্নাই ছুপাৰকিংছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি ৩.৩০ বজাত হ’বলগীয়া প্ৰথমখন খেলত গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত হ’বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰকিংছ মুখামুখি হ’ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৯৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৫টা বলত ৩টা উইকেট হেৰুৱাই ১৯৯ ৰান কৰে। ৰাজস্থানৰ হৈ অধিনায়ক সঞ্জু ছেমচনে ৭১ ৰান কৰি আউট নোহোৱাকৈ থাকে। ধ্ৰুৱ জুড়েলে ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৯৬ ৰান কৰে। লক্ষ্ণৌৰ হৈ অধিনায়ক কে এল ৰাহুলে সৰ্বাধিক ৭৬ ৰান কৰাৰ বিপৰীতে দীপক হুড়াই ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। সঞ্জু ছেমচনক প্লেয়াৰ অৱ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আগেয়ে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলত দেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ১০ ৰানত পৰাস্ত কৰে। খেলখনত দেলহী কেপিটেলছে প্রথমে বেট ধৰি ৪টা উইকেটৰ বিনিময়ত ২৫৭ ৰান কৰে। প্ৰত্যুত্তৰ মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪৭ ৰানহে কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক

সকলো চাওক