ছান ৰাইজাৰ্ছ হায়দাবাদ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ কোৱালিফায়াৰ ৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ’ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। আনহাতে, পৰাজিত দলটোৱে শুকুৰবাৰে কোৱালিফায়াৰ টু-ত খেলাৰ যোগ্যতা অৰ্জন কৰিব। একেখন ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েল্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এলিমিনেটৰ খেলখন অনুষ্ঠিত হ’ব। এই খেলখনত বিজয়ী দলটোৱে কোৱালিফায়াৰ-টুত খেলাৰ সুযোগ লাভ কৰিব।
Site Admin | May 21, 2024 7:19 PM | IPL Cricket
আই পি এলৰ কোৱালিফায়াৰ-১ খেলত ছান ৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
