ডাউনলোড
মোবাইল এপ

android apple
signal

March 29, 2025 11:55 AM | IPL

printer

আই পি এলৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত চেন্নাই ছুপাৰ কিংছ ৫০ ৰাণত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ৫০ ৰাণত পৰাস্ত কৰে। চেন্নাইয়ে ১৯৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৪৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰাচিন ৰবীন্দ্ৰই সৰ্বাধিক ৪১ ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জছ হেজেলউডে ৩টা উইকেট দখল কৰাৰ উপৰি য়ছ দায়াল আৰু লিয়াম লিভিংষ্টনে দুটাকৈ উইকেট লাভ
কৰে।
ইয়াৰ পূৰ্বে বেংগালুৰুয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৯৬ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ৰজত পাটিদাৰে ৩২টা বলত ৫১ ৰাণ কৰে। নুৰ আহমেদে ৩টা আৰু মাতিশ্বা পাথিৰানাই দুটা উইকেট দখল কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ৷
প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক