ডাউনলোড
মোবাইল এপ

android apple
signal

আই পি এলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছৰ

■ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে ১৫২ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু তিনিটা বলত দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। কুইণ্টন ডি ক’কে কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ক’কে ৬১টা বলত ৯৭ ৰান কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে। একেখন ষ্টেডিয়ামতে অহা ৩০ মাৰ্চত হ’বলগীয়া আন এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থানৰ ৰয়েলছৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাত আজি হায়দাবাদত হ’বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্ট্ৰছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক