April 17, 2024 11:07 AM | IPL Cricket

printer

আই পি এলত যোৱা নিশা অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সুনীল নাৰিনে ৫৬টা বলত ১০৯ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ আবেশ খান আৰু কুলদ্বীপ সিঙে দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে জছ বাটলাৰৰ অপৰাজিত শতকৰ সহায়েৰে ইনিংছৰ অন্তিমটো বলত বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ৰিয়ান পৰাগে ১৪টা বলত ৩৪ ৰানৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ হৰ্ষিত ৰাণা, সুনীল নাৰিন আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে জছ বাটলাৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ খেলৰ অন্তত ৰাজস্থান ৰয়েলছ সম্প্ৰতি ১২ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে ৮ পইণ্ট আৰু উন্নত নেট ৰান ৰেটৰ ভিত্তিত কলকাতাৰ দলটো দ্বিতীয় স্থানত আছে। প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব ।

অধিক পঢ়ক

সকলো চাওক