May 8, 2024 11:39 AM | IPL Cricket

printer

আই পি এলত দেলহি কেপিটেলছৰ হাতত ৰাজস্থান ৰয়েলছ ২০ ৰানত পৰাস্ত

দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২২১ ৰান কৰে। দিল্লীৰ হৈ অভিষেক পোৰেলে ৩৬টা বলত ৬৫ ৰান কৰাৰ বিপৰীতে জেক ফ্ৰেজৰ মেকগৰ্গে মাত্র ২০টা বলত ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ আৰ অশ্বিনে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে সুন্দৰ আৰম্ভণি কৰে আৰু অধিনায়ক সঞ্জু ছেমছনে ৪৬টা বলত ৮৬ ৰান কৰে যদিও দিল্লীৰ বলাৰসকলে ৰাজস্থানক ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২০১ ৰানত সীমিত ৰাখিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ কুলদীপ যাদৱ, মুকেশ কুমাৰ আৰু খলিল আহমেদে দুটাকৈ উইকেট লাভ কৰে। কুলদীপ যাদৱক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। দেহি কেপিটেলছ কালিৰ জয়ৰ সুবাদত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হৈছে আৰু দলটো প্লেঅফ পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা সজীৱ হৈ পৰিছে। আনহাতে ৰাজস্থান ৰয়েলছে কালিৰ পৰাজয়ৰ পাছতো প্ৰতিযোগিতাৰ পইণ্ট তালিকাত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত আজি হায়দাবাদত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক