April 11, 2024 6:48 PM | IPL Cricket

printer

আই পি এলত আজি ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। প্রতিযোগিতাত কালি নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৩ উইকেটত পৰাজিত কৰে। ১৯৭ ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা গুজৰাট টাইটানছে খেলখনৰ অন্তিমটো বলত ৰছিদ খানৰ বাউণ্ডেৰীৰ সহায়ত ৭ উইকেটৰ বিনিময়ত ১৯৯ ৰান কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ অধিনায়ক শুভমন গিলে ৪৪টা বলত ৭২ ৰানৰ বৰঙনি আগবঢ়ায়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটৰ বিনিময়ত ১৯৬ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৪৮টা বলত ৭৬ ৰান কৰাৰ বিপৰীতে অধিনায়ক সঞ্জু ছেমছনে ৩৮টা বলত ৬৮ ৰান কৰি অপৰাজিত হৈ ৰয়। গুজৰাট টাইটানছৰ হৈ ৰছিদ খান, উমেশ যাদৱ আৰু মোহিত শৰ্মাই এটাকৈ উইকেট দখল কৰে। ৰছিদ খানৰ প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক