May 6, 2024 6:26 PM | IPL Cricket

printer

আই পি এলত আজি মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হবলগীয়া খেলত মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ১৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৱ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হর্ষিত ৰানা আৰু বৰণ চক্রৱর্তীয়ে ৩টাকে মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বেটিং লাইন বিধবস্ত কৰে। দলটোৰ হৈ কে এল ৰাহুল আৰু মার্কাছ ষ্ট’ইনিছে ৫০ ৰানৰ গুৰুত্বপূর্ণ বৰঙণি আগবঢ়াই যদিও কে এল ৰাহুল আউট হোৱাৰ পাছতে সকলোখিনি চেষ্টা অথলে যায়। ইয়াৰ পূর্বে কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰি নির্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২৩৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ সুনীল নাৰাইনে মাত্র ৩৯টা বলতে ৮১ ৰান কৰে। লক্ষ্ণৌৰ হৈ নৱীন উল হকে ৩টাকৈ উইকেট দখল কৰে। এই জয়ৰ পাছতে কলকাতা নাইট ৰাইডাৰ্ছ ১৬ পইন্টেৰে পইন্ট তালিকাৰ শীর্ষ স্বানত আছে।

অধিক পঢ়ক

সকলো চাওক