May 13, 2024 6:12 PM | IPL Cricket

printer

আই পি এলত আজি কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

আনফালে, যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে। খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৮৭ ৰান কৰে। প্ৰত্যুত্তৰত দেলহী কেপিটেলছে ১৯ অভাৰ আৰু ১টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪০ ৰানহে কৰিবলৈ সমৰ্থ হয়।

ইয়াৰ আগেয়ে চেন্নাই ছুপাৰ কিংছে এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি এইবাৰৰ প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ত প্রবেশ কৰাৰ আশা সজীৱ কৰি তোলে। চেন্নাই ছুপাৰ কিংছে ১৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ২টা বলত ১৪৫ ৰান কৰে।

অধিক পঢ়ক

সকলো চাওক