April 29, 2024 12:52 PM | IPL

printer

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ’বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ মুখামুখি হ’ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে ২০১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰত এটা উইকেট হেৰুৱাই ২০৬ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকচে সর্বাধিক ১০০ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৭০ ৰাণ কৰি অপৰাজিত হৈ থাকে। প্রতিযোগিতাৰ দ্বিতীয়খন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত চেন্নাই ছুপাৰ কিংছ দলটো ৭৮ ৰানত জয়ী হয়।

 

অধিক পঢ়ক

সকলো চাওক