ডাউনলোড
মোবাইল এপ

android apple
signal

April 13, 2025 11:41 AM | IPL 2025

printer

আই পি এলঃ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত পাঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে। হায়দৰাবাদৰ হৈ অভিষেক শর্মাই ৫৫ টা বলত ১৪টা বাউণ্ডেৰী আৰু ১০টা ছিক্সাৰৰ সহায়ত ১৪১ ৰান কৰে। এই প্ৰদৰ্শনৰ সুবাদতে অভিষেক আই পি এল ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত এখন খেলত ব্যক্তিগতভাৱে সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে কে এল ৰাহুলৰ ১৩২ ৰানৰ অভিলেখ ভংগ কৰে। ট্রেভিছ হেডে ৬৬ ৰানৰ বৰঙণি আগবঢ়ায়। পাঞ্জাবৰ হৈ অশদ্বীপ সিং আৰু য়ুজবেন্দ্ৰ চহলে এটাকৈ উইকেট লাভ কৰে৷
ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২৪৫ ৰান কৰে। পাঞ্জাবৰ হৈ শ্ৰেয়াছ আয়াৰে ৩৬ টা বলত ৮২ ৰান কৰে। ছানৰাইজাৰ্ছ হায়দাবাদৰ হৰ্ষল পেটেলে চাৰিটা উইকেট দখল কৰে। অভিষেক শৰ্মাক প্ৰেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে, লক্ষ্ণৌত কালি অনুষ্ঠিত আন এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে-গুজৰাট টাইটানছক ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৮১ ৰাণৰ বিজয় লক্ষ্যৰে খেলি ১৯ অভাৰ আৰু ৩ টা বলত নিক’লাচ পুৰণ আৰু মাৰ্কৰামৰ অৰ্ধশতৰাণৰ সহায়ত ৪ টা উইকেট হেৰুৱাই ১৮৬ ৰাণ কৰে। ইয়াৰ আগেয়ে গুজৰাটে প্ৰথমে বেট ধৰি শুভমন গিলৰ ৬০ ৰাণ, ছাই সুদৰ্শনৰ ৫৬ ৰাণৰ সহায়ত ৬টা উইকেটৰ বিনিময়ত ১৮০ ৰাণ সংগ্ৰহ কৰে।
প্রতিযোগিতাত আজি দুখন খেল খেলোৱা হ’ব। জয়পুৰত বিয়লি ৩-৩০ বজাত হ’বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে ৭-৩০ বজাত দিল্লীত হ’বলগীয়া দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছ ডেলহী কেপিটেলছৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক