● অসমৰ দীতিমণি সোণোৱাল আৰু সুদিত্য বৰুৱাই হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আজি নিশা সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত অসমে এতিয়ালৈ ৫টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ১৪টা পদক লাভ কৰিছে। পুৰুষৰ ৮৯ কিলোগ্রাম শাখাত সুদিত্য স্নেছত ১৪০ কেজি, ক্লিন এণ্ড জার্কত ১৭৫ কেজিসহ মুঠ ৩১৫ কিলোগ্রাম ভাৰোত্তোলনেৰে সোণৰ পদক অৰ্জন কৰে। একেদৰে দীতিমণিয়ে মহিলাৰ ৬৪ কিলোগ্রাম শাখাত মুঠ ২১০ কিলোগ্রাম ভাৰোত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰে। অসমৰ সংগীতা সাদানিধৰে জুনিয়ৰ ছোৱালীৰ ৭৬ কিলোগ্রাম শাখাত ৰূপ, চাণক্য বৰাই ১০২ কিলোগ্ৰাম যুৱ শাখাত ব্ৰঞ্জ আৰু ভাৱনা গগৈয়ে ৫৯ কিলোগ্ৰাম যুৱ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
Site Admin | October 13, 2024 6:03 PM | Assam | SPORTS
আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ সোণ আৰু ৰূপৰ পদক লাভ
