আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পুনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে আজি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অসমৰ বেদৱত ভৰালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্রাম ওজন শাখাৰ ক্ৰমে জুনিয়ৰ আৰু যুৱ শাখাত সোণৰ পদক লাভ কৰে। অহা ১৩ অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত অসমে এইপর্যন্ত ৩টা সোণ, ২টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আন্তর্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে কালি ৰাজ্যখনৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰিছে।

অধিক পঢ়ক

সকলো চাওক