April 30, 2024 7:34 PM | ICC Cricket Team

printer

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দলটো ঘোষণা কৰিছে। ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু হাৰ্দিক পাণ্ডিয়াক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত স্থান লাভ কৰা বাকী সদস্যসকল হৈছে- যশস্বী জয়ছৱাল, বিবাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু ছেমচন, শিম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, য়ুজবেন্দ্ৰ চহল, অৰ্শ্বদীপ সিং, যশপ্রীত বুমৰাহ, মহম্মদ ছিৰাজ। বাছনি সমিতিয়ে লগতে অতিৰিক্তভাৱে ৪জন খেলুৱৈকো বাছনি কৰিছে। অতিৰিক্ত খেলুৱৈকেইজন হ’ল- শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খান। ভাৰতে বিশ্বকাপত অহা ৫ জুনত নিউয়ৰ্কত প্ৰথমখন খেল আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক