ডুবাইত অনুষ্ঠিত আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডে ভাৰতৰ সন্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৫১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ মাইকেল ব্রেছৱেলে ৪০টা বলত অপৰাজিত হৈ থাকি ৫৩ ৰাণ সংগ্ৰহ কৰে। ডেৰিল মিচ্চেলে ১০১টা বলত ৬৩ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্ত্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে। খেলৰ আৰম্ভণিতে নিউজিলেণ্ডে সুন্দৰ প্ৰদৰ্শন কৰে যদিও ভাৰতীয় দলৰ স্পীনাৰসকলে খেলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে। ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে ৪২ অভাৰত ৫টা উইকেট নেহেৰুৱাকৈ ২১২ ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে ইতিপূর্বে ২০০২ আৰু ২০১৩ চনত আই চি চি চেম্পিয়নছ ট্ৰফীত চেম্পিয়নৰ খিতাপ দখল কৰাৰ পাছত এইবেলি পুনৰ চেম্পিয়ন হোৱাৰ দিশে আগবাঢ়িছে।
Site Admin | March 9, 2025 9:27 PM | ICC Champion Trophy
আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডৰ ভাৰতৰ সম্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ
