আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত আফগানিস্তানৰ বিৰুদ্ধে ২১ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি পুৱা কিংষ্টনত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত আফগানিস্তানে অষ্ট্ৰেলিয়াক ২১ ৰাণত পৰাস্ত কৰে। খেলখনত আফগানিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৪৮ ৰাণ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৯ অ’ভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২৭ ৰাণহে কৰিবলৈ সমৰ্থ হয়। আফগানিস্তানৰ হৈ গুলবাদিন নঈবে চাৰিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। গুলবাদিনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াই কাইলৈ ভাৰতৰ বিৰুদ্ধে ছুপাৰ এইট পৰ্যায়ৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব। ইপিনে, বাৰবাডোছত আজি হ’বলগীয়া আন এখন খেলত ইংলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক