June 11, 2024 11:17 AM | ICC Cricket

printer

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ ৰোমাঞ্চকৰ খেলত বাংলাদেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ জয়

দক্ষিণ আফ্ৰিকাই যোৱা নিশা নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত কৰে। খেলখনত প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১১৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ হেনৰিক ক্লাছেনে ৪৪টা বলত সৰ্বাধিক ৪৬ ৰানৰ বৰঙণি আগবঢ়ায়। বাংলাদেশৰ টানজিম হাছান ছাকিবে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৯ ৰানহে কৰিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ কেশৱ মহাৰাজে ৩টা উইকেট দখল কৰাৰ বিপৰীতে এনৰিক নৰ্টজে আৰু কাগিছ’ ৰাবাডাই দুটাকৈ উইকেট লাভ কৰে। প্রতিযোগিতাত আজি একেখন ষ্টেডিয়ামতে পাকিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। পাকিস্তান এই পর্যন্ত প্রতিযোগিতাৰ দুয়োখন খেলতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ বিৰুদ্ধে পৰাজিত হৈছে। ইপিনে কানাডাই অন্তিমখন খেলত আয়াৰলেণ্ডত ১২ ৰানত পৰাস্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক