আই চি চি টি-২০ বিশ্বকাপত নেপালক পৰাস্ত কৰি বাংলাদেশৰ অন্তিমটো দল হিচাপে ছুপাৰ-৮ত স্থান লাভ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত স্থান পোৱা দলসমূহ নিশ্চিত কৰা হৈছে। বাংলাদেশে নেপালক পৰাস্ত কৰি অন্তিমটো দল হিচাপে ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাত ছুপাৰ এইট পর্যায়ৰ খেলসমূহ কাইলৈ আৰম্ভ হৈ ২৫ জুনত সামৰণি পৰিব। এই পৰ্যায়ৰ প্ৰথমটো গ্ৰুপত ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰত এই পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত বৃহস্পতিবাৰে আফগানিস্তানৰ সন্মুখীন হ’ব। আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰিব৷ ছুপাৰ এইট পৰ্যায়ত প্ৰতিটো দলে তিনিখনকৈ খেল খেলিব আৰু ছেমি ফাইনেলত প্ৰৱেশৰ বাবে কমেও দুখন খেলত জয়ী হ’ব লাগিব। ছেমি ফাইনেলত পৰাজিত দল দুটা প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব। বিজয়ী দল দুটাৰ মাজত ২৯ জুনত বাৰবাডোছত ফাইনেল খেল অনুষ্ঠিত হ’ব। ইপিনে, ৱেষ্ট ইণ্ডিজে আজি ছেণ্ট লুছিয়াৰ ডেৰেন ছাম্মি নেচনেল ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত আফগানিস্তানক ১০৪ ৰানত পৰাস্ত কৰে। আফগানিস্তানে ২১৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অ’ভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আফগানিস্তানে নিৰ্ধাৰিত ২০ অ’ভাৰত ৫টা উইকেটৰ বিনিময়ত ২১৮ ৰান কৰে।

অধিক পঢ়ক

সকলো চাওক