আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে আনখন খেলত ইংলেণ্ডে ওমানক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত ওমানে ১৩ দশমিক ২ অভাৰত ৪৭ ৰান সংগ্ৰক কৰাৰ বিপৰীতে ইংলেে ৩ দশমিক ১ অভাৰত দুটা উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰে। আন খেল নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। ইফালে কাইলৈ অনুষ্ঠিত হ’বলগীয়া এখন খেলত ভাৰত কানাডাৰ মুখামুখি হ’ব।
Site Admin | June 14, 2024 7:55 PM | Cricket | ICC Cricket | ICC T20 World Cup | SPORTS
আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব
