June 18, 2024 12:49 PM | ICC Cricket

printer

আই চি চি টি-টুৱেন্টি বিশ্বকাপত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ জয়লাভ

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কালি সন্ধিয়া ত্রিনিদাদৰ ব্ৰায়েন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউ গিনিক ৭ উইকেটত পৰাজিত কৰে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লৈ পাপুৱা নিউ গিনিক ১৯ অভাৰ আৰু ৪টা বলত ৭৮ ৰানতেই সীমিত কৰে। নিউজিলেণ্ডৰ হৈ ল’কি ফার্গুছনে নিজৰ ৪টাকৈ অভাৰত এটাও ৰান নিদি ৩টা উইকেট দখল কৰে। এই সাফল্যৰ জৰিয়তে ফাৰ্গছন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪টা অভাৰত এটাও ৰান নিদিয়া দ্বিতীয়গৰাকী বলাৰ হিচাপে বিবেচিত হয়। দলৰ হৈ ইশ্ব ছোধি, টিম ছাউদি আৰু ট্ৰেণ্ট ব’ল্টে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মিছেল ছাণ্টনাৰে এটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ড মাত্র ১২ অভাৰ আৰু দুটা বলতেই ৭৯ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ ডেভন কনৱেই ৩২টা বলত সৰ্বাধিক ৩৫ ৰান কৰে। পাপুৱা নিউ গিনিৰ হৈ কাবুৱা মৰিয়াই মাত্ৰ ২ অভাৰ আৰু ২টা বলত ৪ ৰান দি দুটা উইকেট দখল কৰে। ফার্গুছনক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ।

প্রতিযোগিতাত আজি ছেণ্ট লুছিয়াৰ ডেৰেন ছাম্মি নেচনেল ক্রিকেট ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজে আফগানিস্তানক ১০৪ ৰাণত পৰাস্ত কৰিছে। খেলখনত আফগানিস্তানে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি পাঁচটা উইকেট হেৰুৱাই ২১৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত আফগানিস্তানে ১৬ অভাৰ ২টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১১৪ ৰাণহে কৰিবলৈ সক্ষম হয়। নিকোলাছ পুৰাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক