June 23, 2024 12:08 PM | ICC T20 World Cup

printer

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৫০ ৰানত জয়

ভাৰতে যোৱানিশা এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত বাংলাদেশক ৫০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্রখমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৯৫ ৰান কৰে। ভাৰতৰ হৈ হার্দিক পাণ্ডিয়াই ২৭টা বলত ৫০ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ২৮টা বলত ৩৭ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত বাংলাদেশে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৪৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ কম বলত অর্ধশতক অৰ্জন কৰাৰ লগতে এটা উইকেট দখল কৰা হার্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ খেলখনত জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উপনীত হোৱাটো প্ৰায় নিশ্চিত হৈছে। সম্প্ৰতি আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছুপাৰ-এইট পৰ্যায়ৰ খেলখনত অঘটন নঘটিলে ভাৰত ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। আনহাতে, বাংলাদেশ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে ।

অধিক পঢ়ক

সকলো চাওক