ভাৰতীয় মহিলা ক্রিকেট দলে আজি বডোদৰাত অনুষ্ঠিত আই চি চি চেম্পিয়নশ্বিপ এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত দিপ্তী শৰ্মাই বেটে বলে উজ্জীৱিত প্ৰদৰ্শনেৰে ৩-০ ফলাফলত শৃংখলা জয়ত বৰঙণি আগবঢ়ায়। খেলুৱৈগৰাকীয়ে ৬ টা উইকেট দখল কৰে আৰু ৩৯ ৰাণ কৰি আউট নোহোৱাকৈ থাকে । ভাৰতে ১৬৩ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২৮ অভাৰ ২ টা বলত ৫ টা উইকেট হেৰুৱাই ১৬৭ ৰাণ কৰে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি ৩৮ অভাৰ আৰু ৫ টা বলত আটাইকেইটা হেৰুৱাই ১৬২ ৰাণ সংগ্ৰহ কৰে।
Site Admin | December 27, 2024 7:13 PM | Women Cricket
আই চি চি চেম্পিয়নশ্বিপ এদিনীয়া ক্রিকেটৰ অন্তিম খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ
