ডুবাইত আজি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত পাকিস্তানে ভাৰতক জয়ৰ বাবে ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লোৱা পাকিস্তানে ভাৰতীয় বলাৰৰ নিয়ন্ত্রিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৪৯ অভাৰ ৪ টা বলত ২৪১ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়৷ পাকিস্তানৰ চাউদ চাকিলে ৬২, মহম্মদ ৰিজৱানে ৪৬ আৰু খুছদিল শ্বাহে ৩৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ কুলদীপ যাদৱে তিনিটা, হার্দিক পাণ্ডিয়াই দুটা তথা হৰ্ষিত ৰাণা, অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট দখল কৰে।
Site Admin | February 23, 2025 8:34 PM | ICC Champion Trophy
আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত ভাৰতক জয়ৰ বাবে পাকিস্তানৰ ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ
