ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 12:09 PM | ICC Champion Trophy

printer

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত ইংলেণ্ডক ৫ উইকেটক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই

অষ্ট্ৰেলিয়াই যোৱা নিশা পাকিস্তানৰ লাহোৰৰ গড্ডাফি স্টেডিয়ামত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ইংলেণ্ডক ৫ উইকেটক পৰাস্ত কৰে। ৩৫২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি অষ্ট্ৰেলিয়াই ১৩৬ বানত ৪ টাকৈ হেৰুৱায়। ইয়াৰ পাছত এলেক্স কেৰিয়ে যোশ ইংগ্লিছৰ সৈতে দলক এই বিপর্যয়ৰ পৰা উদ্ধাৰ কৰে। ইংগ্লিছে ৮৬ টা বলত ১২০ ৰান কৰে। কেৰিয়ে ৬৩টা বলত ৬৯ আৰু মেথিউ ছৰ্টে ৬৬ টা বলত ৬৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ আগেয়ে ইংলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ৩৫১ ৰান কৰে। ইংলেণ্ডৰ হৈ পেন ডাকেটে ১৬৫ ৰান কৰে। জ’ কটে ৬৮ ৰানৰ বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ বেন দ্বাৰছেছে তিনিটা উইকেট দখল কৰে। প্রতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ভাৰত-পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক