ডাউনলোড
মোবাইল এপ

android apple
signal

February 22, 2025 11:59 AM | ICC Champion Trophy

printer

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আফগানিস্তান দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ কৰাচীত অনুষ্ঠিত গ্রুপ-বিৰ দিবা-নৈশ এখন খেলত কালি দক্ষিণ আফ্রিকাই আফগানিস্তানক ১০৭ ৰাণত পৰাস্ত কৰে। আফগানিস্তানে ৩১৬ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰৰ ৩৯টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰহমত শ্বাহে ৯২টা বলত ৯০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ৩১৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অপেনাৰ ৰিয়ান ৰিকেল্টনে শতক অৰ্জন কৰাৰ লগতে আন তিনিগৰাকী খেলুৱৈৱে অৰ্ধ শত ৰাণ কৰে। কাগিছ ৰাবাডাই ৩টাকৈ উইকেট দখল কৰে। ৰিয়ান ৰিকেল্টনক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক