ডাউনলোড
মোবাইল এপ

android apple
signal

February 20, 2025 7:38 AM | ICC Cricket

printer

আই চি চি চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ হাতত পাকিস্তান ৬০ ৰাণত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ প্ৰথমখন খেলত যোৱা নিশা নিউজিলেণ্ডে যোৱা বাৰৰ চেম্পিয়ন পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে। কৰাছীত অনুষ্ঠিত খেলখনত পাকিস্তানে উছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক নিয়ন্ত্ৰণত ৰখাৰ বাবে যথেষ্ট সংঘর্ষ কৰিবলগীয়া হয়। নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩২০ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ উইলিয়াম ইয়ঙে ১০৭ ৰাণৰ বৰঙণি আগবঢ়ায়। টম লাথামে সৰ্বাধিক ১১৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। পাকিস্তানৰ নছিম শ্বাহ আৰু হাছি ৰওফে দুটাকৈ উইকেট দখল কৰে।
প্ৰত্যুত্তৰত পাকিস্তানে ৪৭ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬০ ৰাণহে কৰিবলৈ সমৰ্থ হয়। পাকিস্তানৰ বাবৰ আজমে ৬৪ আৰু খুছদিল শ্বাহে ৬৯ ৰাণ কৰে। নিউজিলেণ্ডৰ হৈ অধিনায়ক মিচেল ছেণ্টনাৰ আৰু উইলিয়াম অৰুৰ্কেই তিনিটাকৈ উইকেট লয়। টম লাথামক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দল আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় খেলত হ’বলগীয়া প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক