আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিছে অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতা পাকিস্তান আৰু নিৰপেক্ষ স্থান ইউ এ ইত অনুষ্ঠিত হ’ব। যোৱাবাৰৰ চেম্পিয়ন পাকিস্তানে ১৯৯৬ চনৰ পাছৰে পৰা এইবাৰ প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগিতাৰ আয়োজন কৰিব। ভাৰতক বাংলাদেশ, নিউজিলেণ্ড আৰু পাকিস্তানৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ- এত স্থান দিয়া হৈছে। আফগানিস্তান, অস্ট্রেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক গ্রুপ-বিত অন্তর্ভুক্ত কৰা হৈছে। ১৯ ফেব্ৰুৱাৰীত কৰাচিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন খেলত পাকিস্তান – নিউজিলেণ্ডৰ সন্মুখীন হ’ব। ভাৰত ২০ ফেব্ৰুৱাৰীত ডুবাইত হবলগীয়া নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ২৩ ফেব্ৰুৱাৰীত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ’ব। প্রতিযোগিতাত প্ৰথমখন ছেমিফাইনেল ৪ মাৰ্চত ডুবাইত আৰু দ্বিতীয়খন ছেমিফাইনেল ৫ মাৰ্চত লাহোৰত অনুষ্ঠিত হ’ব। ৯ মাৰ্চত একেটা স্থানত ফাইনেল খেলখনো অনুষ্ঠিত হ’ব। অৱশ্যে ভাৰতে চেমি ফাইনেল আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিলে এই খেল দুখন ডুবাইত অনুষ্ঠিত হ’ব।
Site Admin | December 25, 2024 12:03 PM | ICC Champion Trophy