অৰুণাচল প্ৰদেশস্থিত ইন্দিজেনাচ ফেইথ এণ্ড কালচাৰেল চোছাইটি চমুকৈ আই এফ চি এছ এ পিয়ে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি এমহীয়াকৈ এই জয়ন্তী পালনৰ দিহা কৰিছে । জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল ওৰাম, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু গৃহ মন্ত্ৰী মামা নেটুঙে এই অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰে। আমাৰ পূৰ্বপুৰুষসকলৰ সন্মান, আমাৰ বিশ্বাসৰ উদযাপন আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণা বিষয়েৰে আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ৰাজ্যৰ পৰিচয় বহন কৰা পৰম্পৰা আৰু মূল্যবোধক সন্মান প্ৰদৰ্শন কৰি এখন মঞ্চ প্ৰদান কৰা। মন্ত্ৰী জুৱেল ওৰামে খিলঞ্জীয়া পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত আই এফ চি এছ এ পিয়ে লোৱা এই উদ্যোগৰ প্ৰশংসা কৰে। তেওঁ কয়, যে খিলঞ্জীয়া পৰিচয় বহন কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা এই পদক্ষেপ আন ৰাজ্যসমূহৰ বাবে আদর্শ হিচাপে চিহ্নিত হৈছে। তেওঁ লগতে কয়, যে অৰুণাচল প্ৰদেশৰ চহকী ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰী পেমা খান্দুৱে কয়, যে বিগত ২৫ বছৰত খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এই প্রতিষ্ঠানে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে সেইয়া প্ৰশংসাৰ যোগ্য। তেওঁ কয়, যে মাইলৰ খুটি হিচাপে বিবেচিত হোৱা এই অনুষ্ঠানে ৰাজ্যখনৰ পৰম্পৰাসমূহৰ সহনশীলতা ৰক্ষা কৰিছে আৰু লগতে বিভিন্ন সম্প্ৰদায়ৰ মাজৰ একতাৰ বান্ধোন কটকটীয়া কৰিছে। বিচিত্ৰতাৰে ভৰা ৰাজ্যখনৰ সংস্কৃতিৰ ধবজা বহন কৰা পৰম্পৰাগত নৃত্য আৰু সংগীতেৰে এই অনুষ্ঠান মুখৰিত হৈ পৰিছে।
Site Admin | December 27, 2024 7:16 PM | Arunachal Festival
আই এফ চি এছ এ পিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এমহীয়াকৈ পালন
