ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দলটোৱে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবক ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেলুৱৈ মহম্মদ আলী বেমান্মাৰে খেলৰ চতুৰ্থ মিনিটতেই প্ৰথমটো গল দি দলটোক আগবঢ়াই নিয়ে যদিও খেলখনৰ আৰম্ভণিৰ পৰাই আক্রমণাত্মক ভূমিকা গ্রহণ কৰা মোহন বাগান দলটোৰ খেলুৱৈসকলে নৰ্থ ইষ্ট দলক প্ৰতিহত কৰিবলৈ সমৰ্থ হয়। মোহন বাগানৰ দীপ্যেন্দু বিশ্বাসে খেলৰ দশম মিনিটত প্রতিপক্ষৰ বেহু ভেদ কৰি সমতা স্থাপন কৰে। নৰ্থ ইষ্ট দলৰ আলেদ্দিন আজাৰীয়ে খেলৰ ২৪ মিনিটত দ্বিতীয়টো গল দিয়ে যদিও ৬১ মিনিটত শুভাশিস বোসে নিজ দলৰ হৈ দ্বিতীয়টো গলেৰে পুনৰ ২-২ গলত সমতা স্থাপন কৰে। পৰৱৰ্তী সময়ত খেলৰ ৮৭ মিনিটত জেছন কিউমিংছে মোহন বাগানৰ হৈ তৃতীয়টো গল দি দলটোৰ বিজয় নিশ্চিত কৰে। প্রতিযোগিতাৰ কাইলৈ সন্ধিয়া চাৰে ৭ বজাত হ’বলগীয়া এখন খেলত পঞ্জাব এফ চি হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | September 24, 2024 1:00 PM | ISL