ডাউনলোড
মোবাইল এপ

android apple
signal

আই এছ এলত কালি পাঞ্জাব ফুটবল ক্লাবৰ হাতত হায়দাবাদ ফুটবল ক্লাব পৰাস্ত

আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত কালি পাঞ্জাব ফুটবল ক্লাবে হায়দাবাদ ফুটবল ক্লাবক ৩-১ গ’লত পৰাস্ত কৰে। হায়দাবাদৰ জি এম চি বালায়োগি এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাঞ্জাবৰ ছাজী অ’জী, শামী ছিংগামায়ুম আৰু লুকা মাজছেনে এটাকৈ গল দিয়ে। খেলখনত শামী ছিংগামায়ুম আই এছ এল ইতিহাসৰ সর্বকনিষ্ঠ গলদাতা হিচাপে পৰিগণিত হয়। আজি কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছ মুম্বাই চিটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক