চেন্নাইত হ’বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত চেন্নাইয়ান ফুটবল ক্লাবে মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে খেলিব। চেন্নাইয়ান ফুটবল ক্লাবে ১৬ খন খেল খেলি ১৭ পইণ্টেৰে তালিকাৰ দশম স্থানত আছে। ইপিনে মোহন বাগান ছুপাৰ জায়েণ্ট ৩৬ পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে। উল্লেখযোগ্য যে আই এছ এল প্রতিযোগিতাত এতিয়ালৈ দল দুটাই ৯ বাৰ পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। মোহন বাগানে ৪ খন খেলত আৰু চেন্নাইয়ান ফুটবল ক্লাবে দুখন খেলত জয়লাভ কৰিছে। ইয়াৰে ৩ খন খেল অমীমাংসিতভাৱে সমাপ্ত হয়।
Site Admin | January 21, 2025 11:31 AM | ISL Football league
আই এছ এলত আজি চেন্নাইয়ান ফুটবল ক্লাব, মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি
