September 18, 2024 6:38 PM | Bangladesh Related

printer

আইন শৃংখলা পৰিস্থিতি উন্নতিৰ হকে বাংলাদেশ সেনাৰ কমিছনড বিষয়াক কার্যবাহী দণ্ডাধীশৰ ক্ষমতা প্ৰদান

মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে দেশখনৰ আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ লক্ষ্যৰে বাংলাদেশ সেনাৰ কমিছনড বিষয়াসকলক কার্যবাহী দণ্ডাধীশৰ ক্ষমতা প্ৰদান কৰিছে। দেশখনৰ ৰাজহুৱা প্ৰশাসন মন্ত্ৰালয়ে কালি জাৰি কৰা গেজেট অধিসূচনা অনুসৰি সমগ্ৰ দেশখনৰ যোগ্যতাসম্পন্ন সেনা বিষয়াসকলে পৰৱৰ্তী ৬০ দিনৰ বাবে সংশ্লিষ্ট জিলাসমূহৰ দণ্ডাধীশসকলৰ অধীনত কাৰ্যবাহী দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। উল্লেখযোগ্য যে সংৰক্ষণ সংস্কাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হোৱা ৰাষ্ট্ৰজোৰা সংঘৰ্ষৰ সময়ছোৱাত শ্বেইখ হাছিনা নেতৃত্বাধীন বাংলাদেশৰ তদানীন্তন চৰকাৰখনে যোৱা ১৯ জুলাইত সেনাবাহিনী নিয়োগ কৰাৰ লগতে সমগ্র দেশতেই সান্ধ্য আইন জাৰি কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ছাত্ৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত ৫ আগষ্টত আৱামী লীগ নেতৃত্বাধীন চৰকাৰখন ক্ষমতাচ্যুত হয় আৰু তিনি দিন পাছত ন’বেল বঁটাৰে সন্মানিত অর্থনীতিবিদ ড০ মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। আনহাতে আৰক্ষী আৰু আন সংস্থাসমূহে দেশখনৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে সমৰ্থ হৈ নুঠাৰ প্ৰতি লক্ষ্য ৰাখি অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছতো দেশখনত শান্তি শৃংখলা ৰক্ষাৰ বাবে সেনা বাহিনী নিয়োজিত হৈ আছে।

অধিক পঢ়ক

সকলো চাওক