ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই নাগৰিক সমিতিসমূহৰ সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সহযোগিতাৰ সেতুবন্ধনৰ বাবে থানা পৰ্যায়ৰ নাগৰিক সমিতি গঠন কৰাটো চৰকাৰৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল।
https://x.com/himantabiswa/status/1832368415253635514
ইয়াৰ জৰিয়তে জনসাধাৰণ আৰু আৰক্ষীৰ মাজৰ ব্যৱধান হ্ৰাস কৰি ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি অধিক উন্নতি সাধন কৰাৰ লগতে ৰাজ্যত নিৰ্ধাৰিত সময়ৰ ভিতৰত সেৱা প্ৰদান কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে নাগৰিক সমিতিয়ে অপৰাধৰ ভুক্তভোগী বিশেষকৈ শিশু আৰু মহিলাসকলক সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি এজাহাৰ দাখিল কৰাকে ধৰি বিভিন্ন কাম-কাজৰ ক্ষেত্ৰত জনসাধাৰণক এই নাগৰিক সমিতিসমূহে সহায় কৰিব। বৰ্তমান ৰাজ্যখনত ৩৩৫ খন আৰক্ষী থানা আছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে, ইয়াৰে ২৮ খন চি আই ডি, চাইবাৰ আৰু ৰে’ল আৰক্ষী থানা বাদ দি বাকী ৩০৭ খন আৰক্ষী থানাত নাগৰিক সমিতি গঠনৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।