August 18, 2024 7:35 PM | Assam Police

printer

আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় উপস্থিত আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হৰমিত সিঙ

অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাত উপস্থিত হয়। আৰক্ষী বিষয়াগৰাকীয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে উজনি অসমত ৫ খন জিলাৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। শ্ৰী সিঙে কালি শিৱসাগৰত এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাছত পূব অসমৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ ঘটনা সন্দৰ্ভতো লেপেটকটাৰ বি পি চি এলৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত আজিৰ পৰ্যালোচনা বৈঠকত আলোচনা কৰে। সভাত সিঙৰ লগতে আই জি পি পার্থসাৰথি মহন্ত, আই জি পি সত্বৰাজ হাজৰিকা আৰু ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু শদিয়া জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰী সিঙে বৈঠকত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঠাইসমূহত গঠন কৰা বিশেষ তদন্তকাৰী দলৰ তদন্ত আৰু অভিযানৰ অগ্ৰগতি সম্পৰ্কত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে। জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে আলোচনা কৰি শ্ৰী সিঙে সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষী প্রশাসনক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক