বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয়, যে আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ। তেওঁ কয়, যদিহে নিজৰ দেশৰ লোক অন্য দেশত অবৈধভাৱে বসবাস কৰে তেন্তে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনমতে সাধাৰণভাৱে গ্ৰহণযোগ্য নীতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নাগৰিকক বিতাড়ণ সন্দৰ্ভত ৰাজ্যখনত বক্তব্য প্ৰদান কৰি বিদশ মন্ত্ৰী ড০ জয়শংকৰে এইদৰে কয়। বিতাড়ণৰ প্ৰক্ৰিয়াটো নতুন নহয় বুলি মন্তব্য কৰি বিদেশমন্ত্ৰীগৰাকীয়ে ই এক ধাৰাবাহিক প্ৰক্ৰিয়া বুলি কয়। তেওঁ সদনত ভাৰতীয় নাগৰিকৰ বিতাড়ণ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰি কয়, যে ২০০৯ চনত ৭৩৪ গৰাকী, ২০২৪ চনত ৩৬৮ গৰাকী আৰু এইবছৰ ১০৪ গৰাকী বিতৰণ কৰা হৈছে। বিতাড়িত লোকসকলৰ সৈতে যাতে কোনো ধৰণৰ দুৰ্য্যৱহাৰ কৰা হয় সেই বিষয়ে ভাৰত চৰকাৰে আমেৰিকা প্ৰশাসনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি ড০ জয়শংকৰে জানিবলৈ দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে, এই বিতাড়ণ প্রক্রিয়াই এটা মানসম্পন্ন পৰিচালনা পদ্ধতি অনুসৰণ কৰে যিটো নতুন প্রথা নহয়। কিন্তু এনে ধৰণৰ পদ্ধতি মহিলা আৰু শিশুৰ ওপৰত ন্যস্ত নহয় বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে অবৈধ প্ৰব্ৰজন উদ্যোগ ধবংস কৰিবলৈ সকলোলৈ আহ্বান জনায়।
বিদেশ মন্ত্ৰীৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সদস্য ৰণদ্বীপ সিং সুৰজেৱালাই কয়, যে আমেৰিকা যুক্তৰাষ্ট্ৰীয় সাত লাখৰো অধিক ভাৰতীয়ক এনেদৰে বিতাড়িত কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয় যে, কিমান সংখ্যক ভাৰতীয় নাগৰিকক আমেৰিকাৰ কাৰাগাৰত ৰখা হৈছে আৰু তেওঁলোকক কিবা আইনী সাহায্য প্ৰদান কৰা হৈছে নেকি সেই বিষয়ে চৰকাৰে সদনক অৱগত কৰিব লাগে। ডি এম কেৰ তিৰুচী শিৱাই ভাৰতীয় নাগৰিকৰ বিতাড়ণ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰি কয়, যে ই ভাৰতীয় নাগৰিকৰ আৱেগক আঘাত কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ চকেট গোখলেই অভিযোগ কৰে যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বক্তব্যই নাগৰিকৰ স্বাৰ্থতকৈ আমেৰিকাৰ বিতাড়ণ নীতিকহে সুৰক্ষিত কৰিছে। আপৰ সঞ্জয় সিঙে কয়, যে এনে বিতাড়িত লোকৰ বাবে কিবা স্পষ্ট নীতি আছে নেকি সেই বিষয়ে চৰকাৰে স্পষ্ট কৰি দিব লাগে। আৰ জে ডিৰ সাংসদ মনোজ কুমাৰ ঝাই এই বিতাড়ণ পদ্ধতি সন্দৰ্ভত চৰকাৰে পূৰ্বে লাভ কৰা জাননীৰ বিষয়ে প্রশ্ন উত্থাপন কৰে। চি পি আই এমৰ ড০ জন ব্ৰিটাছে কয়, যে চৰকাৰে নিশ্চিত কৰিব লাগে যে, বিতাড়িত লোকসকলক যাতে মানৱীয় ব্যৱহাৰ কৰ হয়। তেওঁ এনে অবৈধ অনুপ্ৰৱেশক সহায় কৰা সংস্থাসমূহক দমন কৰাৰ পৰিকল্পনা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰে। ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় লোকক বিতাড়ণ কৰা সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধী দলৰ সদস্যসকলে সদনত দাবী জনায়। এই সংক্ৰান্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বক্তব্যৰ পাছতেই সদনত হুলস্থুলীয়া পৰিৱেশ অব্যাহত থকাৰ সময়তে অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে ।
Site Admin | February 6, 2025 7:35 PM | Dr. S Jaishankar
আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ : মন্ত্ৰী ড০ এছ জয়শংকৰ
