ডাউনলোড
মোবাইল এপ

android apple
signal

অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি থকা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অবৈধভাৱে অৰুণোদয়ৰ সুবিধা গ্রহণ কৰা এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত মন্ত্ৰীসভাই অনুমোদন জনাইছে। বৈঠকত ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। বছৰটোৰ ভিতৰত সকলো জিলাতে গ্ৰন্থমেলা অনুষ্ঠিত হ’ব আৰু গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা হ’ব। নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থাও কৰা হ’ব। বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ বাবে এই বছৰটোতে পুথিভঁৰাল গঢ়ি তুলিব। তদুপৰি বন গাঁওৰ গাঁওবুঢ়ালৈ ৯ হাজাৰ টকাকৈ পাৰিতোষিক প্ৰদানৰ বাবেও মন্ত্রীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই পাৰিশ্ৰমিক বনগাঁৱৰ ২৭৮ জন গাঁও প্রধান আৰু ৬৬৮ গৰাকী বন অধিকাৰ আইনৰ গাঁৱৰ গাঁও প্রধানক প্ৰদান কৰিবলৈ অনুমোদন জনোৱা হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্রযোজ্য হ’ব। এই সিদ্ধান্তসমূহ অহা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক