অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগণনাৰ ফলাফল অনুসৰি বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টা সমষ্টিতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ শাসনভাৰ হাতত লবলৈ সাজু হৈছে। ইফালে, এন পি ই পি ৫খন, এন চি পি তখন, পি পি এয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। ইফালে, ছিকিমত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৩১খন আৰু ছিকিম ডেমক্রেটিক ফ্রণ্টে এখন আসন লাভ কৰে । ব্যাপক সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। পূৰ্বৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী তথা এছ কে এমৰ সভাপতি প্রেম সিং টামাঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দুয়োটা সমষ্টিতে জয়লাভ কৰে। উল্লেখযোগ্য যে ৪০ বছৰ ধৰি অবিৰতভাৱে নিৰ্বাচনত জয়লাভ কৰা শ্ৰীচামলিঙে এইবাৰ প্ৰথম বাৰৰ বাবে পৰাজয়ৰ সম্মুখীন হৈছে।
Site Admin | June 2, 2024 8:02 PM | Arunachal Pradesh Assembly Election
অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৪৬টা সমষ্টিত বিজয়ীৰে বিজেপি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত
