ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন ৰাজ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আছে বুলি উল্লেখ কৰে। জনসাধাৰণে এই অনবদ্য প্ৰাকৃতিক সম্পদ তথা সাংস্কৃকি ঐতিহ্যৰ সংৰক্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে দুয়োখন ৰাজ্যই বিকাশ আৰু প্ৰগতিৰ নতুন শিখৰ স্পর্শকৰাৰ কামনা কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়. সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে এই ৰাজ্যখন প্রাকৃতিক সৌন্দৰ্য্য, পৰম্পৰা আৰু জনসাধাৰণৰ আন্তৰিকতাৰ বাবে পৰিচিত। তেওঁ কয়, যে মিজো সংস্কৃতিত ঐতিহ্য আৰু সমন্বয়ৰ এক সুন্দৰ মিশ্ৰণ প্ৰতিফলিত হৈছে। প্রধানমন্ত্ৰীয়ে ৰাজ্যখনৰ সমৃদ্ধি, শান্তি, উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰা অধিক ত্বৰান্বিত হোৱাৰ কামনা কৰে।
Site Admin | February 20, 2025 8:01 PM | Akashvani News | Droupadi Murmu | President of india
অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ ৰাজ্য দুখনৰ জনসাধাৰণলৈ শুভেচ্ছা
