মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ মূলতঃ ইষ্ট আৰু ৱেষ্ট ছিয়াং জিলাৰ গালো জনগোষ্ঠীয় লোকসকলে মপিন উৎসৱ পালন কৰি আহিছে। প্ৰকৃতি শক্তি আৰু সমৃদ্ধিৰ বাবে উদযাপন কৰা মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠীয় আয়োজক মণ্ডলীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৰুণাচল প্ৰদেশ আৰু অসম কেৱল ভৌগোলিক সীমাৰেই নহয় বহু শতিকাজোৰা ঐতিহ্য সভ্যতা শিপাৰে সংযুক্ত সমন্বয়ৰ প্ৰতীক। অসমীয়া সমাজৰ বহু উৎসৱৰ দৰেই মপিন উৎসৱৰো আধাৰ প্ৰকৃতিয়েই বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে মপিন উৎসৱত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা ঐক্য প্ৰতিফলিত হৈছে। এই অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা বিবাদ বৰ্তমানৰ ব্যৱস্থাসমূহৰ মাজেৰে সম্পূৰ্ণৰূপে সমাধান কৰা হ’ব বুলি মন্তব্য কৰে। লগতে মুখ্যমন্ত্ৰী ড০ শর্মাই কয়, যে ২০২৬ চনত পালন হ’বলগীয়া ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অৰুণাচল প্ৰদেশ চৰকাৰে অৰুণাচলতো পাতিবলৈ ইচ্ছুক। শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উদযাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই অৰুণাচলৰ মুখ্যমন্ত্রীকো আহ্বান জনায়৷
Site Admin | April 5, 2025 8:52 PM | Arunachal | CM Himanta Biswa Sarma | CMO Assam
অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
