June 26, 2024 8:38 PM | Arvind Kejriwal

printer

অৰবিন্দ কেজৰিৱালৰ আবেদন প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অনুমতি প্ৰদান

উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ দাখিল কৰা আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। সুৰা নীতি সম্পৰ্কীয় কেলেংকাৰিৰ অভিযোগৰ সৈতে জড়িত অবৈধ ধনৰ লেনদেনৰ গোচৰত শ্ৰীকেজৰিৱালে লাভ কৰা জামিনৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে গ্রহণ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ এই আবেদন দাখিল কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ এছ ভি ভাট্টিক লৈ গঠিত বিচাৰপীঠখনক এইবুলি অৱগত কৰাই যে, উচ্চ ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশটোক প্ৰত্যাহ্বান জনাবৰ বাবে নতুনকৈ আন এখন আবেদন দাখিল কৰাৰ উদ্দেশ্যে তেওঁ পূৰ্বৰ আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ বিচাৰে । উল্লেখযোগ্য যে আপৰ নেতাগৰাকীৰ জামিন মঞ্জুৰ কৰি বিচাৰ আদালতে দিয়া নির্দেশত দিল্লী উচ্চ ন্যায়ালয়ে কালি স্থগিতাদেশ জাৰি কৰিছিল। বিচাৰ আদালতখনে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযোগসমূহৰ শুনানি উপযুক্ত ধৰণে গ্ৰহণ নকৰা বুলি মত পোষণ কৰি উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্রহণ কৰে। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে উত্থাপিত অভিযোগৰ সৈতে শ্ৰীকেজৰিৱাল জড়িত থকাৰ কোনো প্রত্যক্ষ প্রমাণ দাখিল কৰাত বিধি বলৱৎকাৰী সঞ্চালকালয় বিফল হোৱা বুলি মত পোষণ কৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাউজ এভিনিউ আদালতে যোৱা ২০ জুনত তেওঁক মুক্তিদানৰ নিৰ্দেশ দিছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠখনে শ্ৰীকেজৰিৱালৰ তাৎক্ষণিক মুক্তিৰ বিষয়টোত হস্তক্ষেপ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ আজি হ’বলগীয়া চূড়ান্ত ৰায়দানৰ বাবে অপেক্ষা কৰাৰ সিদ্ধান্ত লৈছিল। উল্লেখযোগ্য যে দিল্লীৰ সুৰা নীতি সম্পৰ্কীয় কেলেংকাৰিৰ অভিযোগৰ সৈতে জড়িত অবৈধ ধনৰ লেনদেনৰ গোচৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে যোৱা ১০ মে’ত তেওঁক জামিনত মুকলি কৰি দিছিল। পৰৱৰ্তী সময়ত সর্বোচ্চ ন্যায়ালয়খনে তেওঁৰ জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অসন্মতি প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত ২ জুনৰ পৰা তেওঁ পুনৰ কাৰাবাস খাটিবলগীয়া হয়।

অধিক পঢ়ক

সকলো চাওক