দিল্লী উচ্চ ন্যায়ালয়ে আজি আৱকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ক’লাধন বৈধকৰণৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মা আদালতে কয় যে, এই গ্ৰেপ্তাৰ সন্দৰ্ভত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ পদক্ষেপ অবৈধ নাছিল। যোৱা ২১ মাৰ্চত সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত উচ্চ ন্যায়ালয়ে যোৱা এক এপ্ৰিলত কেজৰিৱালক ১৫ এপ্রিল পর্যন্ত ন্যায়িক জিম্মাত ৰখাৰ বাবে ৰায় দিছিল। দিল্লী আৱকাৰী নীতি গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দিয়া আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সম্পর্কে বিজেপিয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধি দলৰ মুখপাত্র সুধাংশু ত্রিবেদিয়ে কয় যে, আম আদমী পাৰ্টীৰ অহংকাৰ চূৰ্ণ হৈছে। তেওঁ কয় যে, কেজৰিৱালৰ সৎ চৰিত্ৰবান ভাবমুর্তিও তথ্য আৰু প্ৰমাণৰ জৰিয়তে মিচা বুলি প্ৰমাণিত হৈছে। উল্লেখযোগ্য যে, আপৰ নেতা তথা দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে দলে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, দলৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু আপৰ আন এগৰাকী নেতা সঞ্জয় সিঙৰ দৰে অৰবিন্দ কেজৰিৱালেও উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰিব।
Site Admin | April 9, 2024 8:11 PM | Delhi high court
অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন অগ্ৰাহ্য দিল্লী উচ্চ ন্যায়ালয়ৰ
