অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ত অহা ৭ ছেপ্তেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বেংগালুৰু, কলকাতাৰ নাৰায়ণা হৃদয়ালয় চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞৰ দলে জন্মৰ পৰা ১৮ মহীয়া শিশুলৈকে জন্মগত হৃদৰোগ, লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ ৰোগ চিনাক্তকৰণ কৰি ১০০ শতাংশ অনুদানমূলক চিকিৎসা সেৱা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্নেহ স্পৰ্শ আঁচনিৰ যোগেদি এই জটিল ৰোগৰ চিকিৎসাৰ বাবে চৰাইদেউ জিলাৰ শিশুসকলৰ অভিভাৱকসকলে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কার্যক্রমৰ সাপেখাটি আৰু পাটসাঁকো খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, কৰ্মীৰ সৈতে যোগাযোগ কৰি শিশুটিৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আনহাতে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যোগান ধৰা বাহনত বিনামূলীয়াকৈ শিশুৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অভিভাৱকসকলে নিজাববীয়াকৈও স্বাস্থ্য পৰীক্ষা কৰাব পাৰিব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এইক্ষেত্ৰত অধিক জানিবলৈ সোণাৰিস্থিত চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চাকালয়ৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব।
Site Admin | September 5, 2024 7:06 PM | Assam Agriculture | Assam Govt
অহা ৭ ছেপ্তেম্বৰত চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন
